গুৱাহাটী উচ্চ ন্যায়ালয়ে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ৰূপৰেখাসহ ৰাজ্য চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক শপতনামা দাখিলৰ নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশনা অনুসৰি অহা ৬ মাৰ্চত এই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ এটা স্বেচ্ছাসেৱী সংগঠনে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। বণ্যপ্রাণী অভয়াৰণ্যখনৰ ভিতৰত থকা গাঁওসমূহৰ বিস্তৃতি জৰীপ চলোৱা হৈছে বুলি শুনানিকালত বন বিভাগে ন্যায়ালয়ক অৱগত কৰে। বন বিভাগৰ এই তথ্যৰ পাছতে উচ্চ ন্যায়ালয়ে প্রধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্রাণী ৱার্ডেনক অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে ৰূপৰেখাসহ শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে।
Assamese | February 6, 2025 12:37 PM | sonai rupai wildlife
সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ ৰূপৰেখাসহ শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ