গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চি আৰ পি এফ শিবিৰৰ সমীপৰ চেতিয়া গাঁৱত আজি অসম আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই এটা গড়ৰ খড়গ উদ্ধাৰ কৰে। গাওঁখনৰ মজিবুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত উদ্ধাৰ কৰা খড়গটোৰ ওজন এক কেজি ২০০ গ্রাম বুলি জানিব পৰা গৈছে। ধৃত মজিবুৰ ৰহমানে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, নাগালেণ্ডত বিক্ৰীৰ বাবে এই খড়গটো নগাওঁৰ পৰা তেওঁ ক্ৰয় কৰিছিল। ঘটনা সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Assamese | November 4, 2025 6:58 PM | Assam Police
গোলাঘাটত অসম আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত এটা গড়ৰ খড়গ উদ্ধাৰ