সামাজিক মাধ্যমত সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত কামৰূপ আৰক্ষীয়ে বকোৰ পথালিপাৰাৰ ছানিদুল ইছলাম নামৰ এজন লোকক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। কেইদিনমান পূর্বে ছানিদুল ইছলামে সামাজিক মাধ্যমত এটা ভিডিঅ‘যোগে সাম্প্ৰদায়িক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি দেশবিৰোধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত এতিয়ালৈ ৯০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
Assamese | June 7, 2025 7:50 PM | Assam Police
দেশবিৰোধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত এতিয়ালৈ ৯০জন লোকক গ্ৰেপ্তাৰ