● মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ’ব। জিলাখনৰ ১০০ বছৰীয়া বিদ্যালয়, প্রাদেশিকৃত মহাবিদ্যালয় আৰু কেইবাখনো সত্ৰলৈ আজি বিত্তীয় অনুদান আগবঢ়োৱাৰো সম্ভাৱনা আছে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাৰ সদস্যসকলে জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব।
Assamese | January 16, 2025 11:02 AM | assam cabinet | CM Himanta Biswa Sarma | Morigaon
পুৱা ১০.৩০ বজাৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত