December 26, 2024 1:13 PM | assam book fair 2024-25

printer

কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অসম গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অসম গ্রন্থমেলা-২০২৪ অনুষ্ঠিত হ’ব। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে এইবেলি খানাপাৰালৈ এই গ্ৰন্থমেলা স্থানান্তৰিত কৰা হৈছে। আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্রকাশ কৰে। ৭ জানুৱাৰীলৈ চলিবলগীয়া এইবাৰৰ গ্ৰন্থমেলাত মুঠ ১১৮ টা পুথি প্রকাশক আৰু বিক্রেতা প্রতিষ্ঠানে ভাগ ল’ব। ইয়াৰ উপৰি বাণিজ্যিকভাৱে প্ৰচাৰ কৰিব বিচৰা ১৯ টা শৈক্ষিক প্রতিষ্ঠানেও গ্রন্থমেলাত অংশ ল’ব। এইবেলি গ্রন্থমেলাত ৩৫০ খন বিপণী থাকিব। কলকাতাৰ বিশিষ্ট লেখক বিনোদ ঘোষাল, বলদেৱানন্দ সাগৰ, চলচ্চিত্ৰ পৰিচালক মনোজ শ্রীবাস্তৱ, সচিদানন্দ যোশী, সুৰিন্দৰ কুমাৰে গ্রন্থমেলাত বিশিষ্ট অতিথি হিচাপে ভাগ ল’ব।