February 17, 2025 10:17 AM | assam assembly kokrajhar

printer

কোকৰাঝাৰত আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হ’ব। বিটিচিৰ বিধায়িনী ভৱনত দুপৰীয়া ১২ বজাত ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই-পৰাই তোলা হৈছে।

বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী-বিধায়কসকল আজি পুৱাই কোকৰাঝাৰলৈ ৰাওনা হৈছে। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ’ব। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব। ৰাজ্যপালৰ ভাষণ আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰই দিনৰ ১২ বজাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো বড়োলেণ্ডবাসী তথা অসমবাসীৰ বাবে ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে।