♦ অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলে কালি দেশৰ অষ্টাদশ লোকসভা আৰু ৰাজ্যখনৰ একাদশ বিধানসভাৰ বাবে সমান্তৰালকৈ হ’বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি তথা অৰুণাচল পশ্চিম লোকসভা আসনৰ প্ৰাৰ্থী নবাম টুকি, প্রাক্তন সাংসদ তথা দলৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ তাকাম সঞ্জয়কে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে ইটানগৰত এই ইস্তাহাৰ উন্মোচন কৰে। ইস্তাহাৰত নিবনুৱা যুৱক-যুৱতীসকলক চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা, সকলো চৰকাৰী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ক আৱাসিক বিদ্যালয়লৈ উন্নীতকৰণ, ছাত্ৰ-ছাত্ৰীৰ জলপানি দুগুণ কৰা, প্ৰতিখন জিলা সদৰত ছুপাৰ-স্পেচিয়েলিটি চিকিৎসালয় স্থাপন, ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ তৎকালীন বাতিল আৰু পুৰণি পেঞ্চন আঁচনি বাহাল কৰা, অষ্টম দৰমহা আয়োগৰ গঠন আৰু ইয়াক সময়মতে কাৰ্যকৰী কৰা, ঠিকাভিত্তিক আৰু জৰুৰীকালীন কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা আদি বিষয়সমূহক অগ্ৰাধিকাৰ দিয়া হৈছে।
Assamese | April 3, 2024 2:01 PM | Arunachal Pradesh | Congress Party | election manifesto | North East
অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ