April 5, 2024 12:06 PM

views 135

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ কংগ্ৰেছ দলৰ ৩ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

♦ গুজৰাটৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৩ গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰিছে। দলে বদোদৰা সমষ্টিৰ পৰা যশপাল সিং পাধিয়াৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে জুনাগড় আসনখনৰ বাবে হীৰাভাই জোট্ৰা আৰু সুৰেন্দ্ৰনগৰ আসনখনৰ বাবে ৰুত্বিকভাই মকৱানাক প্রার্থী হিচাপে থিয় কৰোৱাইছে।

April 4, 2024 1:20 PM

views 62

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ

◊প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে কালি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট অর্থনীতিবিদ ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। উল্লেখযোগ্য যে সিঙকে ধৰি ৰাজ্যসভাৰ মুঠ ৫৪ জন সাংসদৰ কাৰ্যকাল অন্ত পৰিছে। ইয়াৰ ভিতৰত আছে শিক্ষামন্ত্রী ধর্মেন্দ্র প্র...

April 3, 2024 2:01 PM

views 79

অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

♦ অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ দলে কালি দেশৰ অষ্টাদশ লোকসভা আৰু ৰাজ্যখনৰ একাদশ বিধানসভাৰ বাবে সমান্তৰালকৈ হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি তথা অৰুণাচল পশ্চিম লোকসভা আসনৰ প্ৰাৰ্থী নবাম টুকি, প্রাক্তন সাংসদ তথা দলৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ তাকাম সঞ্জয়কে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে ইটানগৰত এই ইস্তাহাৰ উন্মোচন কৰে। ইস্তাহাৰত নিবনুৱা যুৱক-যুৱতীসকলক চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা, সকলো চৰকাৰী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ক আৱাসিক বিদ্যালয়লৈ উন্নী...

April 2, 2024 1:30 PM

views 64

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি দুগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ অক'লা সমষ্টিত অভয় কাশীনাথ পাৰ্টিলে আৰু তেলেংগানাৰ ৱাৰাংগল সমষ্টিত কাডিয়াম কাব্যই নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।