ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰাৰ অংশ হিচাপে আজি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫৮ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি চাৰি বজাত হ’বলগীয়া এই কার্যসূচীতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪ হাজাৰ ৫২৯ গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগু উপস্থিত থাকিব।
Assamese | February 15, 2025 11:48 AM | appoinment assistant professor kalakhetra
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫৮ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান