এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণিৰ অন্তত অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ বীথিকাসমূহ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। প্ৰদৰ্শনীখনৰ ‘অসম-অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক পেভেলিয়নত অংশগ্ৰহণ কৰা বীথিকা সমূহ পৰিদৰ্শন কৰি তেওঁ কয়, যে ৰাজ্যখনত ষ্টার্টআপ খণ্ডত শেহতীয়াকৈ বহু উল্লেখনীয় কাম সম্পন্ন হৈছে। উল্লেখযোগ্য যে এই প্রদর্শনী কাইলৈ সন্ধিয়া ৬ বজালৈকে দৰ্শকৰ বাবে মুকলি থাকিব।
Assamese | February 28, 2025 1:17 PM | Advantage Assam 2.0
অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ