January 31, 2025 8:30 PM

views 66

যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল অৰবিন্দ কেজৰিৱালৰ

আপৰ নেতা অৰবিন্দ কেজৰিৱালে আজি যমুনা নৈৰ পানীৰ গুণাগুণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দাখিল কৰে। উল্লেখযোগ্য আপৰ নেতাগৰাকীয়ে যমুনা নৈৰ পানীত বিহ ঢলা সন্দৰ্ভত কৰা পূৰ্বৰ মন্তব্যৰ ব্যাখ্যা বিচাৰি নির্বাচন আয়োগে শ্রীকেজৰিৱাললৈ জাননী জাৰি কৰিছিল। শ্রীকেজৰিৱালে তেওঁৰ...

January 31, 2025 8:28 PM

views 59

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন – প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। নতুন দিল্লীৰ দ্বাৰকাত আজি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণৰ বাবে এনে এখন চৰকাৰৰ প্ৰয়োজন আছে যিখন চৰকাৰে সকলোৰে প্ৰয়োজনীয়তাসমূহ যেনে-দৰিদ্ৰসকলৰ বাবে গৃহ নিৰ্মাণ, দিল...

January 31, 2025 8:27 PM

views 50

দিল্লী বিধানসভা নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত

৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পার্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমর্থন আদায়ৰ ব...

January 31, 2025 8:26 PM

views 54

ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মৰ ভাষণ সন্দৰ্ভত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে কৰা মন্তব্যৰ গৰিহণা প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি সংসদৰ দুয়োখন অধিবেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। আজি আবেলি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কেইগৰাকীমান জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যই দেশৰ সাংবিধানিক মুৰবৰ...

January 31, 2025 8:24 PM

views 28

সংসদৰ দুয়োখন সদনতে আজি ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল

ভাৰতৰ চলিত বিত্তীয় বৰ্ষত প্রকৃত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ বিত্তীয় বর্ষত এই বৃদ্ধিৰ হাৰ ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ দুয়োখন সদনতে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই প্রাক-বাজেট সমীক্ষা অনু...

January 31, 2025 8:22 PM

views 67

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ কেইবাটাও পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ খেলুৱৈসকলে কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ভাৰোত্তোলনত ৬৭ কিলোগ্রাম শাখাত সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ সাঁতোৰত ৮০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত শুৱনশিনি প্রীয়দর্শীনিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্ল...

January 31, 2025 8:20 PM

views 66

আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন

জাগীৰোডৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন আৰম্ভ হৈছে। ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনৰ আজি প্ৰথম দিনা গ্রন্থ উন্মোচন সভাত স্মৃতি গ্রন্থ কৃষ্ণসূৰ্য্য, বার্ষিক পত্রিকা গুণনিধি আৰু মোহন চন্দ্ৰ বৰদলৈ প্ৰৱ...

January 31, 2025 8:19 PM

views 50

ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ

গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ ছাইবাৰ গোটে আজি ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দিল্লীৰ ছাইবাৰ চেলৰ তথ্যৰ আধাৰত সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসৰ নেতৃত্বত অভিযান চলাই জোন ৰহমান, জ্যোতি দাস, আমীৰ আলী আৰু ৰোহিত বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্ল...

January 31, 2025 8:17 PM

views 47

অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত নুকুল গ্রন্থাগাৰত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়...

January 31, 2025 8:15 PM

views 45

মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ভুক্তভোগী সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে খাইৰুল ইছলাম আৰু বিকি আহমেদক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, সাংবাদিক আক্...