গুৱাহাটীৰ এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ভুক্তভোগী সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে খাইৰুল ইছলাম আৰু বিকি আহমেদক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে অভিযুক্ত বিকি আহমেদে কালি নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছতে আজি দুই অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতত দুই অভিযুক্তই অধিবক্তাৰ জৰিয়তে জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে দুয়োৰে জামিন নাকচ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি বিকি আহমেদ হৈছে বিধেয়ক ৰেকিবুদ্দিন আহমেদৰ আত্মীয় আৰু খাইৰুল ইছলাম হৈছে বিধায়কগৰাকীৰ গাড়ী চালক। মহানগৰীৰ হাতীগাঁত গাড়ী পার্কিঙকলৈয়ে সাংবাদিক মৃণাল কুদ্দুছক দুই অভিযুক্তই প্ৰহাৰ কৰিছিল৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত সাংবাদিকগৰাকীক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।
Assamese | January 31, 2025 8:15 PM | Mrinal kudus
মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ