৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পার্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমর্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব‘ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
Assamese | January 31, 2025 8:27 PM | Delhi Election
দিল্লী বিধানসভা নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত