জাগীৰোডৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন আৰম্ভ হৈছে। ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনৰ আজি প্ৰথম দিনা গ্রন্থ উন্মোচন সভাত স্মৃতি গ্রন্থ কৃষ্ণসূৰ্য্য, বার্ষিক পত্রিকা গুণনিধি আৰু মোহন চন্দ্ৰ বৰদলৈ প্ৰৱন্ধ সংকলন ভক্তিতত্বৰ অন্বেষণ উন্মোচন কৰা হয়। এই বাৰ্ষিক অধিবেশনৰ অন্তিম দিনা ভাগৱত শোভাযাত্ৰাৰে অনুষ্ঠানৰ সামৰণি পৰিব।
Assamese | January 31, 2025 8:20 PM | Sri manta sankar dev sangha
আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাওঁ জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিবেশন