December 4, 2025 7:05 PM

views 41

নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন

নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হ'ব। আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্ৰক্ৰিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে। লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে ম...

December 4, 2025 7:01 PM

views 33

পুৰী মহোৎসৱৰ আজি সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিছে। দুদিনীয়া এই মহোৎসৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, মতবাদ আৰু কৃষ্টি-সংস্কৃতিক বিশ্বৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়। আজি অনুষ্ঠিত পালনামত অসমৰ কেইব...

December 4, 2025 6:58 PM

views 50

নগাঁও জিলা প্ৰশাসনে কাইলৈ ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত উচ্ছেদ অভিযান চলাব

নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযো...

December 4, 2025 6:57 PM

views 61

অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰাৰ লক্ষ্যৰে অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়

মহিলাসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়। দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেও...

December 4, 2025 6:50 PM

views 57

ৰাজ্যৰ গৃহ বিভাগৰ তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্য মৰ্মে ৰাজ্যৰ গৃহ বিভাগে তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছাৰুল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে...

December 4, 2025 6:48 PM

views 54

তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনু...

December 4, 2025 6:42 PM

views 70

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসা...

December 4, 2025 6:32 PM

views 67

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন আজি নতুন দিল্লীলৈ আহিব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। এই দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয়...

December 4, 2025 6:28 PM

views 61

যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত...

December 4, 2025 6:27 PM

views 52

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে। লোকসভাৰ প্রশ্নোত্তৰকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে এই কথা প্ৰকাশ কৰি কয় যে ৪ কোটিৰো অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰি থকা হৈছে। তেওঁ কয় যে ২০১৯ চনত প্ৰধ...