জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে। লোকসভাৰ প্রশ্নোত্তৰকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে এই কথা প্ৰকাশ কৰি কয় যে ৪ কোটিৰো অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰি থকা হৈছে। তেওঁ কয় যে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন অভিযান মুকলি কৰিছিল আৰু দেশৰ প্ৰতিটো বাসগৃহত নলযোগে খোৱা পানী যোগানৰ এয়া হৈছে অতি গুৰুত্বপূৰ্ণ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়নৰ বাবে হিমালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ ৯০ শতাংশ পুঁজি প্ৰদান কৰিছে।
Assamese | December 4, 2025 6:27 PM | Akashvani | Akashvani News | Jal Jeevan
জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে