নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হ’ব। আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্ৰক্ৰিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে। লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে মহবোৰ কমি যায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহোহো উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সকলোৰে কুশল- মংগল প্ৰাৰ্থনা কৰিছে।
Assamese | December 4, 2025 7:05 PM | Akashvani | Akashvani News | mohoho festival
নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন