April 19, 2025 8:12 PM

views 25

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যৰ বিদেশত গৱেষণাৰ বাবে জলপানি লাভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যই বিদেশত গৱেষণাৰ বাবে জলপানি লাভ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁ মিডলেণ্ডছ ইন্টিগ্রেটিভ বায়' ছায়েন্স ট্রেইনিং পার্টনাৰশ্বিপৰ জলপানি লাভ কৰিছে। ছাত্ৰী...

April 19, 2025 8:10 PM

views 21

শিৱসাগৰৰ কোঁৱৰপুৰ জুম্মা মছজিদত হজযাত্ৰীক সম্বৰ্ধনা

পৱিত্র হজযাত্ৰাৰ বাবে শিৱসাগৰৰ পৰা যাবলগীয়া হজযাত্ৰীসকলক আজি শিৱসাগৰৰ কোঁৱৰপুৰ জুম্মা মছজিদত সম্বৰ্ধনা জনোৱা হয়। উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সৰ্বমুঠ ৮৩গৰাকী হজযাত্ৰীক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত বিশ্বশান্তিৰ কামনাৰে আল্লাহৰ ওচৰত সমূহীয...

April 19, 2025 8:09 PM

views 17

উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত মহম্মদ আশিকক গ্ৰেপ্তাৰ

একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনাৰ মূল অভিযুক্ত মহম্মদ আশিকক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে। ইউ পি আইৰ সহায়ত ধনৰ লেনদেনৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মহম্মদ আশিক পূৰ্বেও চুৰি কাণ্ড আৰু অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ...

April 19, 2025 8:06 PM

views 84

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টৰ ৫০ বছৰ সম্পূৰ্ণ

ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আর্যভট্টই আজি ৫০ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী আর্যভট্টৰ নামত ১৯৭৫ চনৰ আজিৰ দিনটোতেই কৃত্রিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন য়া...

April 19, 2025 8:03 PM

views 80

পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে এন ডি এ ৩৭ খন জিলা পৰিষদৰ সমষ্টি আৰু ৩১১টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ৩৭ খন জি...

April 19, 2025 7:59 PM

views 85

ৰঙালী বিহুৰ ষষ্ঠ দিনটো বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন

ৰঙালী বিহুৰ ষষ্ঠ দিনটো আজি বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়। গোৱালপাৰা জিলাতো আজি এই বিহুৰ কাৰ্যসূচী লোৱা হৈছে। ইপিনে জিলাখনৰ বৰদামাল আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আজিৰ পৰা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত খেল লেৱা টনা প্রতিযোগিতা অনুষ্ঠিত হয়। ই...

April 19, 2025 8:01 PM

views 37

গুৱাহাটীৰ সাউকুছিত বুজন পৰিমাণৰ নিচাজাতীয় দ্রব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বশিষ্ঠ আৰক্ষীয়ে আজি মহানগৰীৰ সাউকুছিত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্রব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষী দলটোৱে হাইলাকান্দিৰ আলগাপুৰৰ চাজিদা বেগম নামৰ মহিলাগৰাকীৰ পৰা ৪টা চাবোনৰ বাকচ আৰু ১৩টা প্লাষ্টিকৰ পেকেটত ২৭৮ ...

April 19, 2025 7:55 PM

views 31

মৰিগাঁৱৰ ঐতিহাসিক শ্ৰীশ্ৰীনৰোৱা কুজি সত্ৰৰ ৩৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

মৰিগাঁও জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীনৰোৱা কুজি সত্ৰৰ ৩৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে অবিৰত ভাগৱত পাঠ আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত জিলাখনৰ ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷

April 19, 2025 7:54 PM

views 25

ধেমাজিৰ কুমতীয়া নৈত গা ধুবলৈ গৈ ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি

ধেমাজিৰ আউনিআটি গাঁৱৰ কাষৰ কুমতীয়া নৈত গা ধুবলৈ গৈ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটিছে। মৃত কিশোৰীগৰাকী আউনিআটি গাঁৱৰ বিজুমণি বনিয়া বুলি জানিবলৈ পৰা গৈছে। কিশোৰীগৰাকীয়ে লগৰীয়াৰ সৈতে বিহু মাৰি আহি নদীত গা ধুবলৈ লওঁতে আন তিনিসমনীয়াৰ সৈতে নৈত খান্দি থোৱা দ' খাৱৈত পৰে। স্থানীয় লোকে তিনিগৰাক...

April 18, 2025 10:57 AM

views 49

ৰাজ্যত ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৬,৭৬১খন মনোনয়ন গ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে ৭ হাজাৰ ১৭৪খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভি...