April 19, 2025 8:12 PM | aau pragya parmita

printer

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যৰ বিদেশত গৱেষণাৰ বাবে জলপানি লাভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পাৰমিতা আচাৰ্যই বিদেশত গৱেষণাৰ বাবে জলপানি লাভ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁ মিডলেণ্ডছ ইন্টিগ্রেটিভ বায়’ ছায়েন্স ট্রেইনিং পার্টনাৰশ্বিপৰ জলপানি লাভ কৰিছে। ছাত্ৰীগৰাকী ইংলেণ্ডৰ ৱাৰ উইক বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণাৰ সুযোগ লাভ কৰিছে।