April 22, 2025 8:05 PM

views 66

সংবিধানৰ বিষয়বস্তু নিৰ্ধাৰণৰ ক্ষেত্ৰত জন প্রতিনিধিসকল প্রকৃত হোতা : উপ-ৰাষ্ট্ৰপতি

সংবিধানৰ বিষয়বস্তু নিৰ্ধাৰণৰ ক্ষেত্ৰত জন প্রতিনিধিসকল প্রকৃত হোতা বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদ সৰ্বোচ্চ বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, যে সংবিধানত সংসদৰ ঊৰ্ধত কোনো কৰ্তৃপক্ষৰ কল্পনা কৰা হোৱা নাই। শ্রীধনখ...

April 22, 2025 8:02 PM

views 21

দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জেদ্দাত উপস্থিত

ছৌদি আৰৱৰ দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জেদ্দাত উপস্থিত হয়গৈ। অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ বিমান এয়াৰ ইণ্ডিয়া ৱানক ছৌদি আকাশমাগত প্ৰৱেশ কৰাৰ সময়ত ৰয়েল ছৌদি বিমান বাহিনীৰ দুখন এফ ফিফটিন যুদ্ধ বিমানে অভিবাদন জনাই আগুৱাই আনে। জেদ্দা বিমান বন্দৰত অৱতৰণৰ পাছত প্ৰধানমন্ত্রী মোদ...

April 22, 2025 7:58 PM

views 17

‘সামাজিক ন্যায় সন্দৰ্ভত চৰ্চা’ শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ অংশগ্ৰহণ

সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে দেশৰ প্ৰান্তীয় অঞ্চলত বাস কৰা অন্তিমজন লোক বিত্তীয়, সামাজিক আৰু শৈক্ষিকভাৱে সৱল হৈ নুঠালৈকে প্ৰকৃতাৰ্থত উন্নয়নৰ কথা ভাবিব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ‘সামাজিক ন্যায় সন্দৰ্ভত চৰ্চা' শীৰ্ষক এটা অনুষ্ঠানত অংশ...

April 22, 2025 3:43 PM

views 73

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ নগাঁৱৰ ভাস্বত শইকীয়া পুনৰ আইপিএছ

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰ...

April 22, 2025 3:26 PM

views 30

ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰে পেৰুৰ লীমাত চলি থকা ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। এয়া হ'ল খেলুৱৈগৰাকীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক। ভাৰতীয় খেলুৱৈগৰাকীৰ প্রতিযোগিতাত মুঠ ৩৩ পইণ্ট অৰ্জন কৰি এই পদক লাভ কৰে। একেটা শিতানত চীনৰ ছুন ইউজিয়...

April 22, 2025 3:23 PM

views 40

গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে। যোৱা দুদিনত ৰাজ্যখনত দিনৰ ভাগত তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী বৃদ্ধি হয়। ৰাজ্যখনৰ কেইবাটাও অংশত সর্বাধিক তাপমাত্রা ৪২ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। পাটনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত ...

April 22, 2025 3:20 PM

views 38

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালৰ ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালে আজি ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ভজনলাল শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে শ্ৰী ভান্সক অম্বৰ দুৰ্গত সাক্ষাৎ কৰি অভিবাদন জনায়। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা জয়পুৰত উপস্থিত হোৱা আমেৰিকাৰ উপ-ৰাষ্...

April 22, 2025 3:14 PM

views 34

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে কোৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত ৪ বছৰ ধৰি এই যাত্ৰা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। উত্তৰাখণ্ড চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কুমাউন মণ্ডল বিকাশ নিগ...

April 22, 2025 3:05 PM

views 67

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে জনসাধৰাণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ শ্ৰী শ্বাহে এটা বাৰ্তাত কয়, যে ধৰিত্ৰীয়ে একোটা জীৱন সৃষ্টি কৰি জীৱকুলৰ বৃদ্ধি আৰু ক্ৰমাগত বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি তন্ত্ৰক লালন পালন কৰে। ইয়াৰ বাবে প্ৰতিজন লোকেই পৃথিৱীৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্...

April 22, 2025 2:58 PM

views 52

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত আজি সংসদৰ যুটীয়া সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ ১২ গৰাকী সদস্য আৰু লোকসভাৰ ২৭ গৰাকী সদস্যৰে ৩৯ জনীয়া এই সমিতিখন গঠন কৰা হৈছে। এই বৈঠকৰ প্ৰথম সত্ৰত আইন আয়োগৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° বি এছ চৌহান তথা উচ্চতম ন্যায়ালয়ৰ প্ৰা...