April 23, 2025 8:50 PM

views 14

পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবঃ ৰাজনাথ সিঙ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ৰম্যভূমি বেইচ্‌ণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান ...

April 23, 2025 8:46 PM

views 59

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাশ্মীৰত আৱদ্ধ হৈ থকা পৰ্যটক যাত্ৰীসকলক কঢ়িয়াই অনাৰ বাবে শ্রীমাতা বৈষ্ণোদেৱী কাটাৰ ষ্টেছনৰ পৰা নিশা ৯ বাজি ২০ মিনিটত ...

April 23, 2025 8:43 PM

views 39

প্রধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে জনাইছে যে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি সন্ত্ৰাসবা...

April 23, 2025 8:43 PM

views 42

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে

জম্মু-কাশ্মীৰৰ পেহেলগামত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে। এন ৰামচন্দ্ৰনে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে বন্ধৰ দিন উপভোগ কৰিবলৈ কাশ্মীৰ ভ্ৰমণলৈ যোৱাৰ সময়তে কালি পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু মুখত পৰে...

April 23, 2025 8:37 PM

views 38

পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিক দোহাৰিছে। তেওঁ কয়, যে পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ'ব। নতুন দিল্লীত ভাৰতীয় বায়ু সেনাই আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰা...

April 23, 2025 8:34 PM

views 48

সন্ত্রাসবাদী আক্ৰমণত অনন্তনাগ চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ বুজ গৃহমন্ত্ৰী অমিত শ্বাহৰ

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত জীৱন হেৰুওৱা লোকসকলৰ বাবে প্ৰতিজন ভাৰতীয়ই দুখ প্ৰকাশ কৰিছে। এই ঘটনাত নিহত লোকসকলৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত ৰখা নিহত লোকসকলৰ পাৰ্থিৱ দেহত মন্ত্ৰী শ্ৰীশ্...

April 23, 2025 8:29 PM

views 48

উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰঃ গজেন্দ্ৰ সিং শেখাৱাট

পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পুৰাতত্ত্ব উপদেষ্টা পৰিষদৰ ৩৮সংখ্যক বৈঠকত মন্ত্ৰীজনে এই মন্তব্য কৰ...

April 23, 2025 8:26 PM

views 63

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বানঃ শিৱৰাজ সিং চৌহান

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বান বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰ, এটা নির্বাচন শীর্ষক ছাত্ৰ সন্মিলনৰ ভাষনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, লোকসভা আৰু বিধান সভাৰ পৃথক পৃথক নির্বাচনে দেশৰ উন্নয়নত বাধা দিছে।...

April 23, 2025 8:02 PM

views 51

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল’ৰা-ছোৱালীৰ বৃহৎ দল প্ৰেৰণ কৰিব

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিহাৰ আৰু নতুন দিল্লীত হ'বলগীয়া আসন্ন সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল'ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। অসমে ৪ৰ পৰা ১৫ মেলৈ হ'বলগীয়া এই প্রতিযোগিতাৰ ২৭টা শিতানৰ ভিতৰত ১৭টাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। অসমে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শুটিং, ব...

April 23, 2025 7:54 PM

views 43

বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ

মানকাচৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত অভিযান চলাই ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্রায় ৫ বজাত কুকুৰমাৰাৰ নুৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে। জব্দ কৰা নিচাজাতীয় টে...