জম্মু-কাশ্মীৰৰ পেহেলগামত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে। এন ৰামচন্দ্ৰনে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে বন্ধৰ দিন উপভোগ কৰিবলৈ কাশ্মীৰ ভ্ৰমণলৈ যোৱাৰ সময়তে কালি পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু মুখত পৰে। ৰামচন্দ্ৰনৰ মৃতদেহ পৰৱৰ্তীয় সময়ত নতুন দিল্লীৰ পৰা কুচ্চিলৈ লৈ যোৱা হ’ব। ইপিনে, এই ঘটনাত নিহত কলকাতাৰ বিটেইন অধিকাৰী নামৰ লোকজনকো একেখন বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে। পৰৱৰ্তী সময়ত বিটেইন অধিকাৰীৰ মৃতদেহ কলকাতাৰ ঘৰলৈ লৈ যোৱা হ’ব।
Assamese | April 23, 2025 8:43 PM | Akashvani | Jammu and Kashmir | pahalgam | Terror Attack
সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে