ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিহাৰ আৰু নতুন দিল্লীত হ’বলগীয়া আসন্ন সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল’ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। অসমে ৪ৰ পৰা ১৫ মেলৈ হ’বলগীয়া এই প্রতিযোগিতাৰ ২৭টা শিতানৰ ভিতৰত ১৭টাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। অসমে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শুটিং, বক্সিং, চাইক্লিং, থাংকা, টেবল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াতু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ’ আৰু ছোৱালীৰ ভলীবল তথা কাবাড়ীত অংশ ল’ব।
Assamese | April 23, 2025 8:02 PM | Indian Sports | Khelo India
ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল’ৰা-ছোৱালীৰ বৃহৎ দল প্ৰেৰণ কৰিব