April 26, 2025 8:31 PM

views 62

ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত

কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চাকালয়ে নিৰ্দেশনাযোগে ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। কামৰূপ জিলাৰ সৰ্বাধিক ১৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।

April 26, 2025 8:21 PM

views 49

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱতি নিশা অহা ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হোৱাৰ বাবে জনজীৱন ব্যাহত হয়। ধুমুহাৰ ফলত কালি ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ সন্মুখত এজোপা প্রকাণ্ড গছ বাগৰি পৰে যদিও সম্ভাব্য ব...

April 26, 2025 8:16 PM

views 40

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন

ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে ন্যায়িক আদালত ভবন উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়া উপস্থিত থাকে। অনুষ্ঠানত...

April 26, 2025 8:14 PM

views 47

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন হয়। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা শেষযাত্ৰাত ২ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান ...

April 26, 2025 8:10 PM

views 76

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনৰ প্রস্তুতি সম্পূৰ্ণ

মানকাচৰত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাটশিঙিমাৰীত আয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এহেজাৰ ৮৫১ ...

April 26, 2025 8:07 PM

views 54

শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ...

April 26, 2025 7:59 PM

views 48

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী কৰ ভৱনত আয়োজিত নিযুক্তি মে...

April 26, 2025 7:47 PM

views 32

শিলচৰৰ ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান এনআইটিত ‘ঐক্যতান ২০২৫ শীর্ষক এটা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

শিলচৰৰ ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান এনআইটিত আজি ঐক্যতান ২০২৫ শীর্ষক এটা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ বৈচিত্র্যময় সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ প্ৰয়াস কৰা হয়। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়...

April 26, 2025 7:35 PM

views 34

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পর্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত মহিলা প্রিজাইডিং আৰু প’লিং বিষয়া উপস্থিত থাকে।

April 26, 2025 7:33 PM

views 53

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচা...