May 2, 2025 12:19 PM

views 49

IPL : সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ ছানৰাইৰাৰ্ছ হায়দাবাদৰ মুখামুখি

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা জয়পুৰৰ ছৱাই মানছিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চ...

May 2, 2025 12:08 PM

views 37

দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন

● দুলীয়াজানৰ নগাজান তৈলক্ষেত্ৰৰ কঠালগুৰিত কালি বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ খাদত গেছ নির্গমন হয়। খাদটোৰ এটা ভাল্ভ ফাটি যোৱাৰ বাবে কেইবা মিটাৰ উচ্চতালৈ গেছৰ নিৰ্গমন ঘটে। অইলৰ সূত্ৰই গেছৰ সৈতে নিৰ্গত বালিৰ প্ৰচণ্ড হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। অঞ্চলটোত অগ্নিনির্বাপক বাহ...

May 2, 2025 12:02 PM

views 89

মুম্বাইত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলনত

■ মুম্বাইত আয়োজিত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছত কালি উত্তৰ-পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জাহ্নু বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, আইমী বৰুৱা, হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতৰ কেইবা...

May 2, 2025 11:47 AM

views 49

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গ...

May 2, 2025 11:41 AM

views 61

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৪ খন জিলাত ভোটগ্রহণ

● পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পর্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি...

May 1, 2025 9:33 PM

views 58

ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড০ মান্দাভিয়াই দুয়োজন ক্রীড়াবিদে বেডমিণ্টন কোর্টত দেখুওৱা একাগ্ৰতা তথা খ...

May 1, 2025 9:30 PM

views 39

পহলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পহলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ বাবে আহ্বান জনাইছে। তেওঁ কয়, যে ৰাষ্ট্ৰৰ স্বাৰ্থ সকলো স্বাৰ্থতকৈ উর্ধত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চুন'তিয়া মুঝে পছন্দ হে শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বত ভাৰতৰ প্রভাৱ বৃদ্ধি হৈছে বুলি...

May 1, 2025 9:28 PM

views 203

২০২৪ বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি

বিগত বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি হৈছে। কয়লা মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে, এই বৃদ্ধিয়ে কয়লাৰ যোগান আৰু স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ কথাকে সূচাইছে। মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পোৱা মতে ২০২৫ চনৰ এপ্ৰিল মাহলৈকে দেশত ৮১.৫৭ মেট্রিকটন কয়লাৰ উ...

May 1, 2025 9:22 PM

views 34

গ্ৰীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ১১ খন ৰাজ্যলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগৰ আহ্বান

গ্রীষ্মৰ দিনসমূহত দেশৰ বিভিন্ন অংশত হ'ব পৰা গ্ৰীষ্ম প্রবাহৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগে দেশৰ ১১ খন ৰাজ্যলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আয়োগে আর্থিকভাৱে দুৰ্বল, ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱা শ্রমিক, বয়োজ্যেষ্ঠ লোক, শিশু, গৃহহীন তথা আশ্রয়হীন লোকৰ বাবে গ্ৰীষ্মৰ...

May 1, 2025 9:14 PM

views 47

নির্বাচনী তালিকা শুদ্ধ আৰু ভোটদান প্রক্রিয়া অধিক সুবিধাজনক কৰাৰ বাবে নির্বাচন আয়োগৰ পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী তালিকা অধিক শুদ্ধ কৰাৰ লগতে জনসাধাৰণৰ বাবে ভোটদান প্রক্রিয়া অধিক সুবিধাজনক কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আয়োগে বর্তমান ভাৰতৰ মহাপঞ্জীয়কৰ পৰা মৃত্যুৰ পঞ্জীকৰণ তথ্য বৈদ্যুতিনভাৱে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ক বিষয়াই মৃত্যুৰ পঞ্জীয়ন তথ্যস...