বিগত বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি হৈছে। কয়লা মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে, এই বৃদ্ধিয়ে কয়লাৰ যোগান আৰু স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ কথাকে সূচাইছে। মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পোৱা মতে ২০২৫ চনৰ এপ্ৰিল মাহলৈকে দেশত ৮১.৫৭ মেট্রিকটন কয়লাৰ উৎপাদন বৃদ্ধি পাইছে। যোৱাটো বৰ্ষত এই উৎপাদ আছিল ৭৮.৭১ মেট্রিকটন। মন্ত্ৰ্যালয়ে জনোৱা মতে চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে মুঠ ৮৬.৬৪ মেট্রিকটন কয়লা প্ৰেৰণ কৰা হৈছে।
Assamese | May 1, 2025 9:28 PM | GST
২০২৪ বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি