November 18, 2025 8:43 PM

views 66

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায়ত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে। এই সংখ্যা দ্বিতীয় পৰ্যায়ৰ সামৰি লবলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৮ দশমিক ৫-৪ শতাংশ। দেশৰ ৯ খন ৰাজ্য আৰু ৩ টা কেন্দ্রীয় শাসিত অঞ্চলত...

November 18, 2025 8:39 PM

views 35

বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেশৱ প্রসাদ মৌর্যক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিয়োগ

বিজেপিয়ে বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্যক কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিয়োগ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী সাধৱী নিৰঞ্জন জ্যোতিক কেন্দ্রীয় সহ পর্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। বিজেপিৰ সংস...

November 18, 2025 8:37 PM

views 62

এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনিৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক

 বিহাৰত এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এন ডি এৰ ৫ টা অংশীদাৰ দল ক্রমে বিজেপি, জনতা দল ইউনাইটেড, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস ফৈদ, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাৰ বিধায়কসকলে এই বৈঠকত ভাগ লব। মুখ্যমন্ত্রী নিতিশ কুমাৰ প...

November 18, 2025 8:31 PM

views 55

মূলধনী বজাৰৰ সৈতে জড়িত একাংশ অংশীদাৰৰ সৈতে আলোচনাত মিলিত বিত্তমন্ত্ৰী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি বিয়লি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ষ্টার্ট আপ খণ্ডৰ অংশীদাৰসকলৰ সৈতে প্রাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্তীয় ৰাজ্যমন্ত্রী পংকজ চৌধৰী, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য সংবর্ধন বিভাগৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু ...

November 18, 2025 8:29 PM

views 51

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা এছ চি অ'ৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° জয়শংকৰে কয় যে শেহতীয়া কেইটামা...

November 18, 2025 8:24 PM

views 37

অন্ধ্রপ্রদেশৰ মাৰেডুমিল্লিতত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু

অন্ধ্রপ্রদেশৰ আপ্লুৰী সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিল্লি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘর্ষত এজন শীর্ষ নেতাসহ ৬জন মাওবাদী বিদ্রোহীৰ মৃত্যু হয়। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান হৰিশ কুমাৰ গুপ্তাই কয়, যে মাওবাদী দলটোৰ আন্দোলন সম্পর্কে বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পাছত এই মুখামুখি সংঘর্ষ সংঘ...

November 18, 2025 8:14 PM

views 41

আন্তর্জাতিক গীতা মহোৎসৱত সাম্প্রতিক বিশ্বত ভাগৱত গীতাৰ প্ৰাসংগিকতা শীর্ষক আলোচনা চক্ৰ

আন্তর্জাতিক গীতা মহোৎসৱ উদযাপনৰ অংশ হিচাপে নেপালৰ কাঠমাণ্ডুত থকা ভাৰতৰ দূতাবাসে সাম্প্রতিক বিশ্বত ভাগৱত গীতাৰ প্ৰাসংগিকতা শীর্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰে। নেপাল, সংস্কৃতি বিশ্ববিদ্যালয় আৰু ত্রিভুবন বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকে গীতাৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। তেওঁলোকে ভাগৱত গী...

November 18, 2025 8:12 PM

views 58

ব্রিটেইনক এই বছৰ হ’বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা

নাগালেণ্ড চৰকাৰে ব্রিটেইনক এই বছৰ হ'বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। চলিত বছৰৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈকে ক'হিমাৰ কিচামা গাঁৱত এই মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ' আৰু ভাৰতৰ ব্ৰিটিছ কাউঞ্চিলৰ সঞ্চালক এলিচন বাৰেটৰ মাজত কালি এখন চুক্তি সম্পাদন হ...

November 18, 2025 8:08 PM

views 54

শ্বেখ হাচিনা আৰু আছাদুজ্জামান খান কমলক দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলৰ গৰিহণা

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাচিনা আৰু প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান কমলক যোৱা বছৰৰ দেশজোৰা বিক্ষোভত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দেশখনৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলে গৰিহণা দিছে। সংস্থাটোৰ সচিব প্রধান এগনেচ কালামার্ডে এটা ...

November 18, 2025 8:02 PM

views 73

দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা ২৫ৰো অধিক স্থানত আজি ই ডিৰ অভিযান

বিধিবলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে শেহতীয়া দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা আল ফালাহ গোষ্ঠীৰ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা ২৫ৰো অধিক স্থানত আজি অভিযান চলায়। বিত্তীয় অনিয়ম, বেনামী কোম্পানী ব্যৱহাৰ আৰু ধন সৰবৰাহ সন্দৰ্ভত চলি থকা গোচৰৰ অংশ হিচাপে ই ডিয়ে এই অভিযান চলায়। ই ডিয়ে প্রকাশ কৰা অনুস...