বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাচিনা আৰু প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান কমলক যোৱা বছৰৰ দেশজোৰা বিক্ষোভত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দেশখনৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলে গৰিহণা দিছে। সংস্থাটোৰ সচিব প্রধান এগনেচ কালামার্ডে এটা বিবৃতিত কয়, যে বাংলাদেশৰ শাসনত থকা সকলে ন্যায় ব্যৱস্থাৰ ব্যাপক অপব্যৱহাৰ কৰিছে। যোৱা বছৰৰ হিংসাত্মক ঘটনাৰ ভুক্তভোগীসকলক ন্যায় প্রদানক ন্যায়াধিকৰণৰ ৰায় ব্যর্থ হোৱা বুলি উল্লেখ কৰি সচিব প্ৰধানগৰাকীয়ে কয়, যে বাংলাদেশত সম্প্ৰতি মানৱ অধিকাৰৰ সংকট অধিক গভীৰ হৈছে। সংস্থাটোৱে এই ৰায়ক ৰাজনৈতিক প্রভাবিত হিচাপে অভিহিত কৰে।
Assamese | November 18, 2025 8:08 PM | saikh hasina
শ্বেখ হাচিনা আৰু আছাদুজ্জামান খান কমলক দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলৰ গৰিহণা