নাগালেণ্ড চৰকাৰে ব্রিটেইনক এই বছৰ হ‘বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। চলিত বছৰৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈকে ক‘হিমাৰ কিচামা গাঁৱত এই মহোৎসৱ অনুষ্ঠিত হ‘ব। এই সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ‘ আৰু ভাৰতৰ ব্ৰিটিছ কাউঞ্চিলৰ সঞ্চালক এলিচন বাৰেটৰ মাজত কালি এখন চুক্তি সম্পাদন হয়। চুক্তি সম্পাদনৰ সময়ত নতুন দিল্লীত ভাৰতৰ ব্রিটিছ উচ্চাযুক্ত লিন্ডী কেমেৰান আৰু দুয়োপক্ষৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।
Assamese | November 18, 2025 8:12 PM | Hornbill
ব্রিটেইনক এই বছৰ হ’বলগীয়া হর্নবিল মহোৎসৱৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা