January 1, 2025 4:19 PM

views 50

সমগ্ৰ দেশতে আজিৰেপৰা ৰে’লৰ নতুন সময়সূচী কার্যকৰী

সমগ্ৰ দেশতে আজিৰেপৰা ৰে'লৰ নতুন সময়সূচী কার্যকৰী হৈছে। এই নতুন সময়সূচীত উত্তৰ পূব সীমান্ত ৰে'লৰ অধীনত চলাচল কৰা মুঠ ৪৩ খন ৰে'লগাড়ীৰ বেগ দ্রুত হোৱাৰ ফলত যাত্ৰাকাল দুঘণ্টা পর্যন্ত হ্রাস পাব। যাত্রাকাল হ্রাস পাবলগীয়া ৰে'লগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালুৰুৰ মাজত চলাচল কৰা ২২৫০১ নম্বৰ এক্সপ্ৰেছ...

January 1, 2025 4:09 PM

views 44

আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন

খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনমুখী প্ৰয়াসৰ অংশ হিচাপে আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন কৰা হ'ব। এই দিনকেইটাত প্রধানমন্ত্রী গৰীৰ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত ৩৫ কিলোগ্রামকৈ চাউল প্ৰদান কৰাৰ লগতে অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰতিটো পৰিয়াললৈ ৫ কিলো...

January 1, 2025 3:57 PM

views 134

২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰাৰ বাবে ৱেবছাইট মুকলি

ৰাজ্যিক নির্বাচন আয়োগে ২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটদাতাসকলে নিজৰ নাম পৰীক্ষা কৰাৰ বাবে এটা ৱেবছাইট মুকলি কৰিছে। ermssec.assam.gov.in ৱেবছাইটত গৈ ভোটদাতাসকলে ভোটাৰ তালিকা ডাউনলোড কৰি অথবা ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা...

January 1, 2025 3:48 PM

views 56

গুৱাহাটী মহানগৰীত আৰক্ষী আৰু পৰিবহণ বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

পথ দুর্ঘটনা হ্রাস কৰাৰ লক্ষ্যৰে বছৰটোৰ শেষ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত পৰিবহণ মন্ত্রী যোগেন মহন আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। মহানগৰীৰ জি এছ ৰোডৰ এ বি চি পইণ্টৰ লগতে আৰ জি বৰুৱা পথ, ...

January 1, 2025 3:42 PM

views 43

৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবলত কেৰালাক পৰাস্ত কৰি বংগৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন

সন্তোষ ট্রফীৰ ফাইনেলত বংগই কেৰালাক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। হায়দৰাবাদৰ গাচিবৌলি ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলখনত বংগৰ ৰবি হান্সদাই অতিৰিক্ত সময়ত দিয়া একমাত্র গলটোৰে দলৰ বিজয় নিশ্চিত কৰে। খেলখনৰ ৯৪ মিনিটত হান্সদাই এই বিজয়সূচক গলটো দ...

January 1, 2025 3:26 PM

views 65

উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰাৰ বাবে সেউজ সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত হৈছে প্ৰতিভাৰ শক্তিকেন্দ্ৰ, যিয়ে উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰে। এই ক্ষেত্ৰত তেওঁ সেউজ সেনাৰ উদাহৰণ ডাঙি ধৰি তেওঁলোকৰ অনুপ্ৰেৰণাদায়ক কাম কাজমসূহৰ প্ৰশংসা কৰে। সেউজ সেনা হৈছে বাৰানসীৰ দেওৰাৰ মহিলাৰ এটা গোট, যিয়ে মাদকদ্রব্য আৰু জু...

January 1, 2025 3:18 PM

views 79

৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ত বায়ামেট্রিক বন্ধ হৈ যোৱা ৯ লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে লোকসকলক কোনো অসুবিধা নোহোৱাকৈ সকলো ধৰণৰ চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাত সহায় কৰিব। ইয়াৰ বাবে তেওঁ কেন্দ্ৰ আ...

January 1, 2025 2:28 PM

views 43

ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অধীনত ২৭২ কোটি টকা ব্যয় সাপেক্ষ প্রকল্প অনুমোদন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ চন্দৌলি আৰু মানিকপুৰত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অধীনত ২৭২ কোটি টকা ব্যয় সাপেক্ষ এটা প্রকল্প অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ মিউলৰ অধ্যক্ষতাত অনুষ্ঠিত ৫৯ সংখ্যক কার্ববাহী সমিতিৰ বৈঠকত কালি গংগা নদীৰ সংৰক্ষণ আৰু পুনঃউজ্জীরিত ক...

January 1, 2025 2:11 PM

views 61

দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা: ডº জীতেন্দ্ৰ সিঙ

দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হৈ ৮৪০ কোটি ডলাৰৰ পৰা ৪ হাজাৰ ৪০০ কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পাৰমানৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্রী ডº জীতেন্দ্ৰ সিঙে এই সম্ভাৱনা ব্যক্ত কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ন...

January 1, 2025 2:04 PM

views 50

যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি

কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্রযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে অপাৰ সুযোগৰ নতুন পথ মুকলি কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মোদী চৰকাৰৰ তৃতীয়ট...