সন্তোষ ট্রফীৰ ফাইনেলত বংগই কেৰালাক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। হায়দৰাবাদৰ গাচিবৌলি ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলখনত বংগৰ ৰবি হান্সদাই অতিৰিক্ত সময়ত দিয়া একমাত্র গলটোৰে দলৰ বিজয় নিশ্চিত কৰে। খেলখনৰ ৯৪ মিনিটত হান্সদাই এই বিজয়সূচক গলটো দিয়ে। প্রতিযোগিতাখনত সর্বাধিক ১২ টা গল দিয়া হান্সদাক প্লেয়াৰ অব দ্যা মেচ আৰু প্লেয়াৰ অব দ্যা টুর্নামেন্টৰ সন্মান প্ৰদান কৰা হয়। এয়া হ’ল বংগৰ একেৰাহে ৩৩ বাৰৰ বাবে সন্তোষ টফীৰ খিতাপ বিজয়।
Assamese | January 1, 2025 3:42 PM | Santosh Trophy
৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবলত কেৰালাক পৰাস্ত কৰি বংগৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন