January 24, 2026 8:25 PM

views 159

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰে'লৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু ওড়িশাৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ' হয়। ঢকুৱাখনাত অনুষ্ঠিত পাঞ্জাব আৰু মেঘালয়ৰ মাজৰ ৰোমান্সকৰ খেলখন ৩-৩ গ’লত ড্র’ হয়। আটাইকেইটা দলে ১ পইণ্টকৈ লাভ কৰে।

January 22, 2026 11:22 AM

views 85

সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডত পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত

অসমৰ ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডৰ এখন মেচত কালি পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত কৰে। এই জয়ৰ জড়িয়তে পশ্চিম বংগই গ্রুপ এত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ঢকুৱাখনাত অনুষ্ঠিত গ্রুপ এ পৰ্যায়ৰ এখন খেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত ৰাজস্থানে জয়লাভ কৰে। আজি চিলাপথাৰ ফুটবল ষ্টেডিয়ামত পঞ্জাৱ কেৰালাৰ মুখামুখি হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব।

January 21, 2026 7:34 PM

views 75

অসমত ৭৯সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেল আৰম্ভ

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰে পৰা অসমত অনুষ্ঠিত হৈছে। চিলাপথাৰত আজি প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১১ বজাত অনুষ্ঠিত হয়। এইবাৰ সপ্তমবাৰৰ বাবে চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অসম প্ৰথমখন খেলত তামিলনাডুৰ হাতত ১-০ গলত পৰাজিত হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত দেশৰ ১২টা দলে...

January 20, 2026 8:20 PM

views 54

ধেমাজিৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্ৰণ মৰ্মে জিলাখনৰ দুটা স্থানৰ লগতে ঢকুৱাখনাত আয়োজিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে প্রস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্রতিযোগিতাখনৰ ১৫ খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ এক বজাত অসম আৰু তামিলনাডুৰ মাজত প্রথমখন খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত...

January 16, 2026 8:12 PM

views 66

সন্তোষ ট্ৰফীৰ বাবে অসমৰ ছিনিয়ৰ পুৰুষ ফুটবল দলৰ ২২গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ

অসম ফুটবল সন্থাই ২০২৫-২৬ বৰ্ষৰ সন্তোষ ট্ৰফীৰ ৭৯ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত ভাগ ল'বলগীয়া অসমৰ ছিনিয়ৰ পুৰুষ ফুটবল দলৰ ২২ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ ঢকুৱাখনা আৰু চিলাপথাৰত ২১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। ৭ জানুৱাৰীৰ পৰা ধেমাজিত অনুষ্ঠিত প্রস্তুতি শিবিৰৰ প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈসকলক বাছনি কৰা বুলি সংস্থাই জানিবলৈ দিছে।

January 1, 2025 3:42 PM

views 42

৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবলত কেৰালাক পৰাস্ত কৰি বংগৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন

সন্তোষ ট্রফীৰ ফাইনেলত বংগই কেৰালাক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। হায়দৰাবাদৰ গাচিবৌলি ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলখনত বংগৰ ৰবি হান্সদাই অতিৰিক্ত সময়ত দিয়া একমাত্র গলটোৰে দলৰ বিজয় নিশ্চিত কৰে। খেলখনৰ ৯৪ মিনিটত হান্সদাই এই বিজয়সূচক গলটো দিয়ে। প্রতিযোগিতাখনত সর্বাধিক ১২ টা গল দিয়া হান্সদাক প্লেয়াৰ অব দ্যা মেচ আৰু প্লেয়াৰ অব দ্যা টুর্নামেন্টৰ সন্মান প্ৰদান কৰা হয়। এয়া হ'ল বংগৰ একেৰাহে ৩৩ বাৰৰ বাবে সন্তোষ টফীৰ খিতাপ বিজয়।