ধেমাজি জিলাৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্ৰণ মৰ্মে জিলাখনৰ দুটা স্থানৰ লগতে ঢকুৱাখনাত আয়োজিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে প্রস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্রতিযোগিতাখনৰ ১৫ খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব। কাইলৈ দিনৰ এক বজাত অসম আৰু তামিলনাডুৰ মাজত প্রথমখন খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থকাৰ কথা ।
Assamese | January 20, 2026 8:20 PM | Santosh Trophy
ধেমাজিৰ চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত কাইলৈৰ পৰা সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা