November 28, 2025 9:42 PM

views 63

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পৰ্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত কৰা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক...

November 28, 2025 9:38 PM

views 28

বিশ্বৰ দ্বিতীয় বৃহৎ চাহ ৰপ্তানিকাৰী দেশ ভাৰত; বছৰি প্ৰায় ২৫৫ মিলিয়ন চাহ উৎপাদন

ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ চাহ ৰপ্তানিকাৰী দেশ আৰু ভাৰতে বছৰি প্ৰায় ২৫৫ মিলিয়ন চাহ উৎপাদন কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে আজি নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষিত চাহ উৎপাদন সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। শ্রীগোৱেলে কয়, যে চাহ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলৰ কল্যাণৰ বাবে চৰকা...

November 28, 2025 9:35 PM

views 29

নতুন দিল্লীত অনুষ্ঠিত ৩৭সংখ্যক সংসদীয় শিক্ষা নবি কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সাক্ষাৎ

নতুন দিল্লীত অনুষ্ঠিত ৩৭সংখ্যক সংসদীয় শিক্ষা নবি কাৰ্য্যসূচী-২০২৫ত অংশগ্ৰহণকাৰীসকলক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত অধ্যক্ষগৰাকীয়ে কয়, যে তেওঁ এই কাৰ্য্যসূচীত ভাগ লোৱা বিভিন্ন দেশৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীবিৰলাই কয়, যে ভাৰতীয় সংসদীয় পৰ...

November 28, 2025 9:34 PM

views 30

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮.২ শতাংশ জি ডি পি বৃদ্ধি হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮ দশমিক ২ শতাংশ জি ডি পি বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃদ্ধিৰ প্ৰশংসা কৰি কয়, যে চৰকাৰৰ বুদ্ধি সমৰ্থক নীতি আৰু সংস্কাৰৰ ফলতেই জি ডি পিৰ এই উৎসাহজনক বৃদ্ধি সম্ভৱ হৈছে। তেওঁ লগতে কয়, যে এই বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ ক...

November 28, 2025 9:14 PM

views 34

অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন...

November 28, 2025 9:12 PM

views 55

আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশন

আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশনৰ বাবে পৰহিলৈ আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত এটা বর্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেওবাৰে দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ চৌহদৰ বাসিন্দাসকলৰ লগতে বহু কেইগৰাক...

November 28, 2025 9:09 PM

views 33

বাক্সা জিলাৰ হাটখোলাত বনৰীয়া হাতীৰ আক্ৰমণত সন্তোষ কলিতা নামৰ এজন লোকৰ মৃত্যু

বাক্সা জিলাৰ হাটখোলাত বনৰীয়া হাতীৰ আক্ৰমণত আজি সন্তোষ কলিতা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱাৰে পৰা দুটা বনৰীয়া হাতীয়ে অঞ্চলটোত ঘৰ-বাৰীৰ ক্ষতি কৰি উপদ্রব কৰে। বন বিভাগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বনৰীয়া হাতীৰ উপদ্ৰবৰ বাবে আজি হাটখোলাৰ গড়আলী ভোলানাথ হাইস্কুলৰ পৰীক্ষা বাতিল কৰা হয়। ঘটনাস...

November 28, 2025 9:07 PM

views 44

গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ আজি এখন গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ আব্দুল খালেক, প্রদ...

November 28, 2025 9:01 PM

views 39

হাটশিঙিমাৰী জিলা আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ সজাগতা সভা

গ্ৰেপ্তাৰ পদ্ধতি আৰু আৰক্ষীৰ জবাবদিহিতা বিষয়ত হাটশিঙিমাৰী জিলা আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে। ৰাজ্যিক আৰক্ষীৰ জবাবদিহিতা আয়োগৰ অধ্যক্ষা আৰু প্ৰাক্তন ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে এই সভাত ভার্চুৱেলী অংশগ্ৰহণ কৰে। কাৰ্যসূচীটোত ন্যায়াধীশ সঞ্জয় হাজৰিকা, মুখ্...

November 28, 2025 8:58 PM

views 43

শ্ৰীভূমি জিলাৰ উপভোক্তাক যোগান ধৰা খোৱাপানীৰ গুণগত মান প্ৰতিমাহে পৰীক্ষা কৰিবলৈ খাদ্য বিপনীসমূহলৈ নিৰ্দেশনা

শ্রীভূমি জিলাৰ বাসিন্দাসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু খোৱাপানীৰ যোগান বজাই ৰাখিবলৈ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্তই গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে। নির্দেশনাত উল্লেখ কৰা অনুযায়ী জিলাখনত প্ৰত্যেকখন খাদ্য বিপনীয়ে উপভোক্তাসকলক প্ৰদা...