শ্রীভূমি জিলাৰ বাসিন্দাসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু খোৱাপানীৰ যোগান বজাই ৰাখিবলৈ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্তই গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে। নির্দেশনাত উল্লেখ কৰা অনুযায়ী জিলাখনত প্ৰত্যেকখন খাদ্য বিপনীয়ে উপভোক্তাসকলক প্ৰদান কৰা খোৱাপানীৰ গুণগত মান প্ৰতিমাহে পৰীক্ষা কৰাব লাগিব। এই পৰীক্ষা জনস্বাস্থ্য কাৰিকৰী বিভাগ অথবা সেই বিভাগে অনুমোদন দিয়া পৰীক্ষাগাৰৰ জৰিয়তে কৰাব লাগিব। খোৱাপানীৰ মান ৰাসায়নিক, ভৌতিক আৰু জৈৱিক পৰিমাপৰ ভিত্তিত পৰীক্ষা কৰা হ’ব। খাদ্য বিপনীসমূহে প্ৰতিমাহৰ ১০ তাৰিখৰ ভিতৰত পৰীক্ষাৰ প্ৰতিবেদন জিলা স্বাস্থ্য অধিকাৰী, পৌৰ সভা বা স্থানীয় অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষৰ ওচৰত জমা দিব লাগিব। ইয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগকো নিৰ্দিষ্ট সময়ৰ অন্তৰালত খাদ্যৰ প্ৰতিষ্ঠানসমূহৰ খোৱাপানীৰ পৰীক্ষা কৰি প্ৰতিবেদন আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশ অমান্য কৰিলে জনস্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ সৈতে জড়িত আইনৰ মাধ্যমত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰা হৈছে।
Assamese | November 28, 2025 8:58 PM | sribhumi drinking water
শ্ৰীভূমি জিলাৰ উপভোক্তাক যোগান ধৰা খোৱাপানীৰ গুণগত মান প্ৰতিমাহে পৰীক্ষা কৰিবলৈ খাদ্য বিপনীসমূহলৈ নিৰ্দেশনা