January 15, 2025 7:35 PM

views 64

চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন

মকৰ সংক্ৰান্তি উপলক্ষে চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজি কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে উজনি অসমৰ বিভিন্ন চাহ বাগানসমূহৰ চাহ জনগোষ্ঠীসমূহৰ উপাস্য দেৱী টুচুৰ বাৰ্ষিক পূজা উলহ-মালহেৰে আয়োজন কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ লতাবাৰীৰ আহোম গাঁৱৰ মুকলি পথাৰত চাহ জনগোষ্ঠীৰ লোকসকলে ...

January 15, 2025 7:37 PM

views 50

ৰাজ্য চৰকাৰে বিশ্বমানৰ সা-সুবিধাৰ সৈতে প্ৰতিখন বিদ্যালয়ৰ উন্নয়নৰ বাবে ৮ কোটি টকা বিনিয়োগ কৰি স্কুলীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে বিশ্বমানৰ সা-সুবিধাৰ সৈতে প্ৰতিখন বিদ্যালয়ৰ উন্নয়নৰ বাবে ৮ কোটি টকা বিনিয়োগ কৰি স্কুলীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে। আজি কামৰূপ জিলাৰ বেজেৰা আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষত এনে আৰু ৪৯৯খন বিদ্যালয় মুকলি ...

January 15, 2025 7:11 PM

views 64

ৰাজ্যৰ বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি-নীতিৰে মাঘ বিহু পালন

পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আৰু অন্য ধর্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয...

January 15, 2025 7:07 PM

views 27

গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে বিমানযাত্ৰীসকলৰ বাবে দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা মুকলি কৰিব

আন্তর্জাতিক বিমানযাত্ৰীসকলৰ ইমিগ্ৰেশ্বন ব্যৱস্থা সূচল আৰু নিৰাপদ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমানবন্দৰত মুকলি কৰিব । গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই...

January 15, 2025 7:02 PM

views 56

গুৱাহাটী মহানগৰীৰ ৯ খন আৰক্ষী থানাত নতুন ভাৰপ্রাপ্ত বিষয়া নিযুক্তি

গুৱাহাটী মহানগৰীৰ ৯ খন আৰক্ষী থানাত নতুন ভাৰপ্রাপ্ত বিষয়াক নিযুক্তি দিয়া হৈছে। পৰিদৰ্শক পৰ্যায়ৰ এই আৰক্ষী বিষয়াসকলক তৎকালেই কর্তব্যত যোগদান কৰিবলৈ মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে নির্দেশনা জাৰি কৰিছে। ভাস্কৰ মল্ল পাটোৱাৰীক দিছপুৰ আৰক্ষী থানাৰ, কপিল পাঠকক বশিষ্ঠ আৰক্ষী থানাৰ, শংকৰজ্যোতি নাথক পা...

January 15, 2025 6:59 PM

views 65

ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিব্ৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন

ডিমা হাছাও জিলাৰ মাইবঙৰ খাচমাইপুৰত আজি ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিব্ৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা উপস্থিত থাকে। কছাৰীসকলৰ ঐতিহ্যমণ্ডিত ৰাজধানী মাইবঙত থকা স্থাপত্য আৰু ভাস্কৰ্...

January 15, 2025 6:57 PM

views 57

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ লাইখুঁটা স্থাপন

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ প্ৰস্তুতি চলি আছে। ২৫ জানুৱাৰীৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া এই মহোৎসৱৰ লাইখুঁটা আজি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক...

January 15, 2025 6:55 PM

views 44

প্ৰতিদিনে পুৱা ৭-৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা ৭ বাজি ৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত প্ৰচাৰ কৰি অহা বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্রোতাই আপত্তি দৰ্শোৱা বাতৰি বিভাগৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে, ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দে...

January 15, 2025 6:52 PM

views 79

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজিৰে পৰা বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। বাক্সা জিলাৰ বিভিন্ন স্থানত অৱস্থিত বাথৌ মন্দিৰসমূহত বাথৌ উৎসৱ আয়োজন কৰা পৰিলক্ষিত হৈছে। মাঘ বিহুৰ সময়তে বড়ো আৰু অন্য কছাৰী জনগোষ্ঠীৰ লোকসকলে দুইৰ পৰা তিনিদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰে। কছাৰী সকলৰ ...

January 15, 2025 6:43 PM

views 73

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বধাল গাঁৱত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বুদ্ধল তেহচিলৰ বধাল গাঁৱত যোৱা ২৪ ঘণ্টাত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ যোৱা ডিচেম্বৰৰ পৰা অঞ্চলটোত এনে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে । জম্মু কাশ্মীৰৰ মুখ্য সচিব অটল দুৰ্ল্লই কালি মৃত্যুৰ কাৰণ সম্পৰ্কে চালি জাৰি চোৱাৰ বাবে স্বাস্থ্য...