মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ প্ৰস্তুতি চলি আছে। ২৫ জানুৱাৰীৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া এই মহোৎসৱৰ লাইখুঁটা আজি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহোৎসৱৰ সময়ছোৱাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃতিৰ সমাহাৰ, থলুৱা খাদ্য, পৰম্পৰাগত নৃত্য-গীত, আলোচনাচক্র, বাণিজ্য মেলা আৰু বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে।
Assamese | January 15, 2025 6:57 PM | Manas National Park
মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ লাইখুঁটা স্থাপন