ৰাষ্ট্ৰীয় বৰ্ষা আধাৰিত অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে পৰিচালিত অসমৰ বনৰীয়া ধান সংৰক্ষণ প্রকল্পই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে।
এই প্রকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ দ্বাৰা শোণিতপুৰ জিলাৰ বৰজুলি ক্ষেত্ৰক জৈৱ বৈচিত্র্য ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। IN-SITU CONSERVATION AND MANAGEMENT OF WILD RICE শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে বনৰীয়া ধানৰ প্ৰাকৃতিক বসতিস্থলত সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে।
ভাৰতৰ বনৰীয়া ধানৰ বৈচিত্ৰ্য সংৰক্ষণ আৰু জলবায়ু স্থিতিস্থাপক কৃষি প্ৰসাৰৰ দিশত এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ সহযোগত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সংসাধন ব্যুৰোৱে ২০২২ চনৰ পৰা এই প্ৰকল্পত কাম কৰি আহিছে।