মহাৰাষ্ট্ৰৰ পুণেৰ খাড়কৱাছালাত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ কেডেটসকলৰ পাছিং আউট পেৰেডৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সেনাবাহিনীৰ মুৰব্বী, জেনেৰেল মনোজ পাণ্ডে উপস্হিত থাকে। উল্লেখযোগ্য যে কালি হাবিবুল্লাহ ভৱনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন অনুষ্ঠিত হয়। হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ড০ শত প্ৰকাশ বানচল অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাৱৰ্তনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মুঠ ২০৫ গৰাকী কেডেটক সন্মানীয় স্নাতক ডিগ্ৰী প্ৰদান কৰাৰ লগতে মিত্ৰদেশৰ ১৭ গৰাকী কেডেটকো ডিগ্ৰী প্ৰদান কৰা হয়। তদুপৰি নৌসেনা আৰু বায়ুসেনাৰ ১৩২ জন কেডেটেৰে গঠিত বি-টেক পাঠ্যক্ৰমৰ তৰফৰ পৰা ‘তিনি বছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা’ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
Assamese | May 24, 2024 2:29 PM | National Defense Academy
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ কেডেটৰ পাছিং আউট পেৰেডৰ আয়োজন