দেশৰ জনসাধাৰণে এই উৎসৱৰ বতৰত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছ ৱে’ত নিজৰ পৰিয়াল তথা বন্ধুবৰ্গক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এবছৰৰ বাবে ভ্ৰমণ কৰাৰ সুবিধা হোৱাকৈ ফাষ্টটেগ বাৰ্ষিক পাছ উপহাৰ দিব পাৰে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ৰাজমাৰ্গ যাত্ৰা মোবাইল এপ্লিকেচনৰ জৰিয়তে ব্যক্তিগত বাহনসমূহৰ বাবে এই উপহাৰ প্ৰদান কৰিব পাৰে। গুগল প্লে ষ্ট’ৰৰ জৰিয়তে এই এপটো ডাউনলোড কৰিব পাৰে। জনসাধাৰণে নিজৰ আত্মীয়সকললৈ এই পাছ উপহাৰ হিচাপে দিবৰ বাবে মোবাইল এপ্লিকেচনৰ এড পাছত ক্লিক কৰি বাহনখনৰ সৱিশেষ তথা নিৰ্দিষ্ট ব্যক্তিগৰাকীৰ সৱিশেষ দাখিল কৰিব লাগিব। মোবাইল ফোনত লাভ কৰা অ’ টি পিৰ জৰিয়তে এই পাছটো বাহনখনত সংলগ্ন ফাষ্টটেগত সক্ৰিয় কৰিব পাৰিব। বছৰটোৰ বাবে মাত্র ৩ হাজাৰ টকাত এই পাছৰ সুবিধা গ্ৰহণ কৰিব পাৰে। দেশৰ ১১৫০টা ট’ল প্লাজাত এই সুবিধা লাভ কৰিব পাৰিব।
Assamese | October 19, 2025 1:25 PM | NHAI
ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ জনসাধাৰণলৈ ফাষ্টটেগ বাৰ্ষিক পাছ উপহাৰ