চৰকাৰে ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধন কৰিবলৈ এখন ছজনীয়া কমিটি গঠন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ক্রীড়া বিভাগৰ যুটীয়া সচিব কুনালে এই কমিটিখনৰ নেতৃত্ব বহন কৰিব আৰু কমিটিখনে ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। পেৰিছ অলিম্পিক পাছত নতুন অলিম্পিক চক্ৰ আৰম্ভ হৈছে আৰু নতুন পৰিস্থিতিৰ নীতি নিয়মসমূহৰ পৰ্যালোচনা কৰাটো জৰুৰী হৈ পৰিছে। ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নিয়মাৱলী ইয়াৰ পূৰ্বে ২০২২ চনত সংশোধন কৰিছিল। কেন্দ্ৰীয় চৰকাৰে খেলুৱৈসকলৰ প্ৰশিক্ষণ আৰু অংশগ্ৰহণকে ধৰি বিভিন্ন ক্রীড়া গতিবিধিৰ বাবে সাহায্য যোজনাৰ অধীনত ৰাষ্ট্ৰীয় খেল সংঘসমূহক বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে।
Assamese | February 26, 2025 8:59 PM | Sports Ministry
ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধনৰ বাবে চৰকাৰৰ ছজনীয়া কমিটি গঠন