■ সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিজয়া দশমী আৰু দশেৰা উদযাপন কৰিবলৈ লোৱা হৈছে। আজিৰ দিনটোৱেই নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সামৰণিৰ দিন। ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ সৈতে সংগতি ৰাখি অশুভৰ বিৰুদ্ধে শুভ শক্তিৰ জয় সূচক উৎসৱ হিচাপে দশেৰা উদযাপন কৰা হয়।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মু্ৰ্মুৱে দিল্লীৰ লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰামলীলা সমিতিয়ে সুকীয়াকৈ আয়োজন কৰা অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। পূৱ দিল্লীৰ পটপৰগঞ্জ এলেকাত আয়োজন কৰা এই অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকী সন্ধিয়া প্রায় ৬ বজাত উপস্থিত হৈ পৰম্পৰাগত ৰাৱন দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | October 2, 2025 6:58 PM | Akashvani | Akashvani News | Droupadi Murmu | Dussehra
ৰাষ্ট্ৰপতি মু্ৰ্মুৱে লালকিল্লাৰ মাধৱ দাস উদ্যানত আয়োজিত দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব