ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ গঠন কৰা এছ আই টিক উচ্চতম ন্যায়ালয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ

ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান দল এছ আই টিক আজি উচ্চতম ন্যায়ালয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

অযোধ্যাৰ ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাত্ৰ অভিযোগৰ চিবিআই তদন্ত বিচাৰি দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক উত্তৰ প্ৰদেশ চৰকাৰ আৰু শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসলৈ জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মালা বাগচি আৰু ন্যায়াধীশ ভি মোহন্নাৰে গঠিত এখন বিচাৰপীঠে আজি এই আবেদনৰ শুনানি লয়।

উত্তৰ প্ৰদেশ চৰকাৰে যোৱা ১৩ জুনত শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ অনুৰোধত মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগ সন্দৰ্ভত ৩ জনীয়া এছ আই টি গঠন কৰিছে। লক্ষ্ণৌৰ মাণ্ডলিক আয়ুক্ত বিজয় বিশ্বাস পন্ত, আৰক্ষী মহাপৰিদৰ্শক কিৰণ এছ আৰু বিশেষ সচিব বিত্ত নীল ৰতনৰে এই এছ আই টি গঠন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।