ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু শীর্ষক কাৰ্যসূচী মুকলি কৰা হ’ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত ক্ষন্তেক পাছতে হ’বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব।
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুত্ত উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত ডেৰ কোটি গছপুলি ৰোপনৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত ২০ লাখ শিক্ষাৰ্থীৰ দ্বাৰা চাৰি দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনসংস্থাপনৰ কামকাজৰ এখন পর্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰী ড° শৰ্মাই নির্দেশ দিয়ে।
ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি ৫ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্রীগোটৰ বৈঠক অনুষ্ঠিত হ’ব।