ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্রতিশ্রুতি অনুসৰি ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাবতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য ১৭ জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্রথমখন কেবিনেট বৈঠকতে অহা ৫ বছৰত ২ লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্কফোৰ্চ গঠন কৰিছে। মুখ্য সচিব ড০ ৰবী কোটাৰ নেতৃত্বত ২৭ মেত টাস্কফোর্চত প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্রস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়।
Assamese | June 7, 2026 6:35 PM | Assam Govt Vacancy
ৰাজ্য চৰকাৰে নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাবতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে