ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে: জুৱেল অ’ৰাম

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে প্রকাশ কৰিছে।

কালি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজ পর্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে।

বৈঠকত একলব্য আদর্শ আৱাসিক বিদ্যালয় সংবিধানৰ ২৭৫(১) নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।

এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।