July 1, 2026 2:14 PM

views 19

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে: জুৱেল অ’ৰাম

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে প্রকাশ কৰিছে। কালি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজ পর্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদর্শ আৱাসিক বিদ্যালয় সংবিধানৰ ২৭৫(১) নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্রাম্য উৎকর...

June 30, 2026 6:32 PM

views 15

গুৱাহাটীত আজি জুৱেল অ’ৰামৰ ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পর্যালোচনা

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল অ'ৰামে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজ পর্যালোচনা কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদর্শ আৱাসিক বিদ্যালয় সংবিধানৰ ২৭৫(১) নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে।

July 15, 2024 7:54 PM

views 30

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামৰ শিৱসাগৰ ভ্ৰমণ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা পৰিভ্ৰমণ কৰে। দিনজোৰা ভ্ৰমণসূচীৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ সাধাৰণ ৰাইজৰ সমস্যা সন্দৰ্ভত বিভিন্নজনৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, স্মাৰক পত্ৰত উল্লেখ কৰা সমস্যা সন্...

July 14, 2024 7:46 PM

views 62

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে। শিৱসাগৰ জিলাত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনায়। বিধায়ক শ্রীপ্রশান্ত ফুকন আৰু বিজেপিৰ কিছুসংখ্যক কার্যকৰ্তাই মন্ত্ৰী দুগৰাকীক সংগ দিয়ে।