কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল অ’ৰামে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজ পর্যালোচনা কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদর্শ আৱাসিক বিদ্যালয় সংবিধানৰ ২৭৫(১) নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে।
Assamese | June 30, 2026 6:32 PM | Juwel Oram
গুৱাহাটীত আজি জুৱেল অ’ৰামৰ ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পর্যালোচনা