অসম চৰকাৰে সাংবাদিকৰ বাবে পেঞ্চন আঁচনিৰ অধীনত ২০ গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এইসকলৰ ভিতৰত অসমীয়া প্ৰতিদিন কাকতৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, মনোজ অগষ্টি, মনোজ দত্ত, দ্যা ছেণ্টিনেল কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক বিজয় কুমাৰ শৰ্মা, দ্যা আছাম ট্ৰিবিউন কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক অনুপ বিশ্বাস আৰু হাছান আহমেদ, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত কামৰূপ জিলাৰ অংশকালীন সংবাদদাতা তাপস সামাদ্দাৰ, দৈনিক জনমভূমি কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক জেতবন বৰুৱা আৰু ভাৰত তামুলী, দৈনিক অসম কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক সুমেশ ডেকা আৰু তৰুণ মুক্তিয়াৰ, দৈনিক অগ্ৰদূত কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক ফণীধৰ পাঠকো আছে। এই সাংবাদিকসকলে প্ৰতিমাহে ৮ হাজাৰ টকাকৈ সাংবাদিক পেঞ্চন লাভ কৰিব।
Assamese | January 2, 2026 8:57 PM | reporter pension
ৰাজ্যৰ ২০গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন