২০৪৭ৰ পূৰ্বে আত্ম নিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্য পূৰণৰ বাবে ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্রণী ভূমিকা লবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। কালি শোণিতপুৰ জিলাৰ জামুগুৰীহাটত থকা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠিত এটা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। শিক্ষার্থীসকলক উদ্দেশ্যি তেওঁ কয়, যে যিখন দেশ বা ৰাজ্যই অধিক ৰপ্তানি আৰু কম আমদানি কৰে, সেইখনেই অর্থনৈতিকভাবে শক্তিশালী হয়। উৎপাদন বৃদ্ধি নকৰি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে ৰাজ্য এখন পিছ পৰি ৰয় বুলি তেওঁ উল্লেখ কৰে। ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয়, যে দেশত সৌৰশক্তি, সেউজ হাইড্রাজেন, ছেমিকণ্ডাক্টৰ, ম’বাইল ফোন আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন লক্ষ্যণীয়ভাবে বৃদ্ধি পাইছে। দেশৰ যুৱ প্রজন্মই উদ্ভাৱন আৰু উদ্যোগৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে বুলি তেওঁ কয়। আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ দক্ষতা আৰু উদ্ভাৱনী শক্তিয়েই মূল শক্তি বুলি উল্লেখ কৰি তেওঁ ছাত্র ছাত্ৰীসকলক উদ্ভাৱনৰ সৈতে জড়িত হোৱাৰ সুযোগ প্রদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Assamese | October 9, 2026 11:40 AM | Asaam CM
ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্রণী ভূমিকা ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান